সুখী জীৱনৰ চাবিকাঠি – যোগাত্মক চিন্তাধাৰা

জীৱনত প্ৰতিজন মানুহেই সুখ বিচাৰে। কিন্তু সুখ ক’ত? বেংকৰ লকাৰত, অট্টালিকাত, নে বিলাসী গাড়ীত? নাই। সুখৰ আটাইতকৈ ডাঙৰ ঠিকনা হ’ল আমাৰ নিজৰ মন। আৰু সেই মনটোক সুন্দৰ কৰি ৰাখিব পৰা আটাইতকৈ ডাঙৰ শক্তি হ’ল ‘যোগাত্মক চিন্তাধাৰা’। আজিৰ দ্ৰুতগামী, প্ৰতিযোগিতামূলক আৰু চাপেৰে ভৰা জীৱনত সুখী হৈ থাকিবলৈ হ’লে এই চিন্তাধাৰাৰ প্ৰয়োজনীয়তা আগতকৈও বেছি।
যোগাত্মক চিন্তা মানে পলায়ন নহয়, শক্তি।
বহুতেই ভাবে যোগাত্মক চিন্তা মানে সমস্যাক আওকাণ কৰা। কিন্তু নহয়। যোগাত্মক চিন্তা মানে সমস্যাক “শেষ” বুলি নাভাবি “সুযোগ” বুলি চোৱা। বৰষুণ আহিলে “কাপোৰ তিতিব” বুলি নাভাবি “খেতিৰ বাবে ভাল হ’ব” বুলি ভবা। ই হ’ল অন্ধকাৰতো এমুঠি পোহৰ বিচাৰি উলিওৱাৰ দৃষ্টিভংগী।
ডাঙৰ সমস্যা আহিলেও ধৈৰ্য আৰু বুদ্ধিৰে সমাধান বিচাৰিব লাগিব, হতাশাত ভাগি পৰিব নালাগিব। আমি শিকিব লাগিব – পৰিস্থিতি নহয়, পৰিস্থিতিৰ প্ৰতি আমাৰ মনোভাৱেই আমাৰ জীৱন নিৰ্ধাৰণ কৰে।
যোগাত্মকতাই জীৱনৰ চাৰিটা স্তম্ভক দৃঢ় কৰে।
১)মানসিক স্বাস্থ্য: নেতিবাচক চিন্তাই দুশ্চিন্তা, অবসাদ আৰু অনিদ্ৰা আনে। আনহাতে যোগাত্মক চিন্তাই মনক শান্তি দিয়ে। এটা সৰু সফলতাকো উদযাপন কৰিব পাৰিলে জীৱনৰ প্ৰতি তৃপ্তি আহে।
২) সামাজিক সম্পৰ্ক:যি মানুহৰ মুখত সদায় হাঁহি আৰু কথাত উৎসাহ, তেওঁৰ চাৰিওফালে মানুহৰ ভিৰ লাগে। পৰিয়াল, বন্ধুত্ব, কৰ্মক্ষেত্ৰ – সকলোতে এনে মানুহ আদৰণীয়।
৩) কৰ্মদক্ষতা: “মই নোৱাৰোঁ” বুলি ভবা মানুহে চেষ্টাই নকৰে। কিন্তু “মই শিকিম আৰু পাৰিম” বুলি ভবা মানুহে বিফলতাৰ পৰাও নতুন বাট বিচাৰি উলিয়ায়।
৪)শাৰীৰিক সুস্থতা:বিজ্ঞানেও কৈছে – ইতিবাচক মানসিকতাই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু আয়ুস বৃদ্ধি কৰে।
যোগাত্মক চিন্তা কোনো জন্মগত গুণ নহয়, ই এটা অভ্যাস। প্ৰথমে,ভগৱানৰ ওচৰত কৃতজ্ঞ হওক। প্ৰতিদিনে শুবৰ আগত আজি পোৱা ৩টা ভাল কথা মন কৰক। দ্বিতীয়তে,ভাষা সলাওক। “এইটো কঠিন” ৰ ঠাইত “এইটো চেষ্টাৰ যোগ্য” বুলি কওক। তৃতীয়তে,সঙ্গ বাছনি কৰোঁতে সাৱধান হওক। যিসকলে নিন্দা কৰে তেওঁলোকৰ পৰা আঁতৰি থাকক। যিসকলে আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে তেওঁলোকৰ লগত থাকক।
চতুৰ্থতে,অতীতক ক্ষমা কৰিবলৈ শিকক। যি হৈ গ’ল তাক সলাব নোৱাৰি। কিন্তু অহা কালটো আজিৰ পৰাই সুন্দৰ কৰিব পাৰি।
সুখ বাহিৰৰ পৰা নাহে। সুখ গঢ় ল’ব লাগে। আৰু সেই ঘৰটোৰ আধাৰশিলা হ’ল আমাৰ নিজৰ চিন্তা। গতিকে আহক, আজিৰ পৰাই আমি সকলোৱে নেতিবাচকতাক না’ বুলি কওঁ। মনত পোহৰ জ্বলাওঁ। কাৰণ এটা যোগাত্মক মনেই পাৰে এটা সুখী জীৱন আৰু এখন সুখী সমাজ গঢ়িবলৈ।
© মধুমিতা শৰ্মা, মেঘালয়।




