আঞ্চলিক সংবাদসম্পাদকীয়

ডিমৰীয়াত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা, প্ৰদান কৰা হ’ল ‘যুৱনেতা’ আৰু ‘বিশিষ্ট উদ্যোগপতি-সমাজসেৱক’ বঁটা

ক্ষেত্ৰী, কামৰূপ মহানগৰ: কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীস্থিত পঞ্চায়তৰ প্ৰেক্ষাগৃহত বৃহত্তৰ ডিমৰীয়া কোচ ৰাজবংশী যুৱ সমাজৰ উদ্যোগত অলপতে দিনজোৰা কাৰ্যসূচীৰে এক বিশেষ অভিনন্দন অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়৷ অনুষ্ঠানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্ছতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ ডিমৰীয়াৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়৷

বৃহত্তৰ ডিমৰীয়া কোচ ৰাজবংশী যুৱ সমাজৰ সম্পাদক কিশোৰ ডেকাই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়াৰ বিধায়ক ড° তপন দাস৷ তেওঁ কৃতী শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ দি কয় যে, ডিমৰীয়া অঞ্চললৈ সুনাম কঢ়য়িাই অনা শিক্ষাৰ্থীসকলে নিজৰ ভেটি সুদৃঢ় কৰি নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ লগতে এজন সৎ, দায়িত্বশীল আৰু আদৰ্শবান নাগৰিক হিচাপে গঢ় লৈ উঠিবলৈ সদায় চেষ্টা অব্যাহত ৰাখিব লাগিব৷ তেওঁ লগতে উল্লেখ কৰে যে, ডিমৰীয়াৰ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল অত্যন্ত সংস্কাৰমুখী আৰু অঞ্চলটোৰ শিক্ষা ব্যৱস্থাৰ মান উন্নত কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এ চি এছ পৰীক্ষাত দশম স্থানপ্ৰাপ্ত বিষয়া পুনম গগৈয়ে কৃতী শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে, জীৱনত সফল হ’বলৈ হ’লে সৎ, সাহসী আৰু আত্মবিশ্বাসী হোৱাৰ লগতে এটা স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি অধ্যয়নত একাগ্ৰচিত্তে মনোনিৱেশ কৰিব লাগিব৷ তেওঁ যুৱ প্ৰজন্মক বীৰ লাচিত বৰফুকনৰ সাহস আৰু দেশপ্ৰেমক সৃষ্টিশীলতা, জ্ঞান আৰু ইতিবাচক কৰ্মৰ মাজেৰে বাস্তৱায়িত কৰিবলৈ আহ৩ান জনায়৷

অনুষ্ঠানত উপস্থিত অতিথিসকলে কৃতী শিক্ষাৰ্থীসকলক ফুলাম গামোচা আৰু সম্বৰ্ধনা-পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে৷ একে অনুষ্ঠানতে বৃহত্তৰ ডিমৰীয়া কোচ ৰাজবংশী যুৱ সমাজৰ তৰফৰ পৰা সমাজসেৱা আৰু নেতৃত্বৰ স্বীকৃতি স্বৰূপে প্ৰশান্ত মেধিক ‘যুৱনেতা বঁটা’ আৰু উদ্যোগপতি তথা সমাজসেৱক চিতেন্দ্ৰ শইকীয়াক ‘বিশিষ্ট উদ্যোগপতি তথা সমাজসেৱক বঁটা’ প্ৰদান কৰা হয়৷ বঁটা হিচাপে দুয়োগৰাকীকে গামোচা, শৰাই, চোলা, ট্ৰফী আৰু সম্বৰ্ধনা-পত্ৰ প্ৰদান কৰি সন্মানিত কৰা হয়৷

অনুষ্ঠানটোৱে অঞ্চলটোৰ কৃতী শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে সমাজত শিক্ষা, নেতৃত্ব আৰু সমাজসেৱাৰ মূল্যবোধ অধিক সুদৃঢ় কৰি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button