বিশেষ লেখাশিক্ষা-জগত

দেউতাৰ অস্তিত্ব: সংসাৰৰ আধাৰশিলা

✍️ প্ৰেম বৈষ্ণৱ , বিহালী, বিশ্বনাথ

মানৱ জীৱনৰ অৱতৰণত মাতৃৰ ভূমিকা যদি সূৰ্যৰ পোহৰৰ দৰে প্ৰত্যক্ষ, তেন্তে পিতৃৰ অস্তিত্ব হৈছে সেই পোহৰক ধৰি ৰখা এক নীৰৱ আকাশৰ দৰে৷ সমাজৰ ব্যৱস্থাত পিতৃৰ ভূমিকা প্ৰায়েই এক পৰ্দাৰ আঁৰত থকা পৰিচালকৰ দৰে৷ তেওঁৰ ত্যাগ, মৰম আৰু প্ৰতিপালনৰ ধৰণটো অলপ সুকীয়া৷ এই প্ৰবন্ধৰ জৰিয়তে আমি পিতৃৰ সেই অলেখ ত্যাগ আৰু অস্তিত্বৰ গভীৰতা বিচাৰ কৰিবলৈ প্ৰয়াস কৰিছোঁ৷ দেউতা নামৰ শব্দটো উচ্চাৰণ কৰাৰ লগে লগে মনলৈ আহে এক নিৰাপদ ছাঁ আৰু অটল প্ৰেৰণাৰ ছবি৷ মানুহৰ জীৱনৰ যাত্ৰাপথত পিতৃ হৈছে এনে এক স্তমভ, যি কোনো প্ৰতিদানৰ আশা নকৰাকৈ জীৱনৰ সমস্ত সম্পদ সন্তানৰ নামত উছৰ্গা কৰে৷ তেওঁৰ এই ত্যাগৰ কাহিনী কোনো নিৰ্দিষ্ট সময় বা পৰিসৰত আৱদ্ধ নহয়, এয়া এক অবিৰত প্ৰৱাহ৷

পিতৃৰ ত্যাগৰ কোনো পৰিসীমা নাই৷ পৰিয়ালৰ প্ৰতিটো হাঁহিৰ আঁৰত থাকে তেওঁৰ অলেখ সপোনৰ বিসৰ্জন৷ নিজৰ নতুন কাপোৰযোৰ কিম্বা প্ৰয়োজনীয় বস্তু এৰি, আমাৰ চকুৰ পলকতে আনন্দ বিচাৰি পোৱাটোৱেই তেওঁৰ স্বভাৱ৷ ৰ’দ-বৰষুণ নেওচি, ঘৰৰ পৰা বহু দূৰৈত থাকি কষ্ট কৰা প্ৰতিজন দেউতাই এটা কথাই ভাবে – তেওঁৰ সন্তানৰ ভৱিষ্যত যেন কোনো কাৰণতে আন্ধাৰত নপৰে৷ তেওঁৰ বাবে নিজৰ সুখবোৰ গৌণ আৰু সন্তানৰ সুখবোৰ মুখ্য৷ পুৱাৰ পৰা নিশালৈ চলি থকা তেওঁৰ যুঁজখনৰ প্ৰধান লক্ষ্য হৈছে সন্তানৰ সোণালী দিন নিশ্চিত কৰা৷ সমাজৰ বুকুত এনে বহু দেউতা আছে, যিসকলে নিজৰ ভোকৰ কথা পাহৰি সন্তানৰ মুখত অন্ন তুলি দিয়াৰ বাবে হাড়ভঙা পৰিশ্ৰম কৰে৷ তেওঁলোকৰ হাতৰ খহটা তলুৱাবোৰত লুকাই থাকে ঘাম আৰু তেজৰ ইতিহাস, যি ইতিহাস কেৱল তেওঁলোকৰ আত্মত্যাগৰ প্ৰমাণপত্ৰ৷

পিতৃৰ ব্যক্তিত্ব কেতিয়াও আৱেগৰ ওপৰত নিৰ্ভৰশীল নহয়৷ তেওঁৰ প্ৰতিটো সিদ্ধান্তত থাকে এক সুচিন্তিত পৰিকল্পনা৷ তেওঁৰ খহটা হাতৰ স্পৰ্শই সন্তানক যি আত্মবিশ্বাস দিয়ে, সেই সাহস আন কোনো উৎসৰ পৰা আহৰণ কৰা অসম্ভৱ৷ দৰিদ্ৰতা হওক বা জটিল পৰিস্থিতি হওক, এজন পিতৃয়ে হাৰ নামানে৷ তেওঁৰ জীৱন যাত্ৰাত অজস্ৰ কাঁইট থাকে যদিও সন্তানৰ বাবে তেওঁ সেউজীয়া পথ সাজি দিয়ে৷ একোজন পিতৃৰ ত্যাগক জোখাৰ সামৰ্থ্য কাৰো নাই৷ তেওঁৰ পৰিচয় এজন ব্যক্তিৰ মাজত সীমাবদ্ধ নহয়, তেওঁ হৈছে এখন ঘৰৰ আধাৰশিলা৷ এটা ঘৰৰ খুটা যেনেকৈ অদৃশ্য হৈও ঘৰটোক ধৰি ৰাখে, ঠিক তেনেকৈ দেউতাই নিজৰ অস্তিত্বক বিসৰ্জন দি পৰিয়ালৰ প্ৰতিটো সদস্যক সুৰক্ষিত কৰি ৰাখে৷

শৈশৱৰ দিনবোৰত দেউতাই আমাক যি সুৰক্ষা দিয়ে, সেয়া কোনো ঢালতকৈ কম নহয়৷ আমি যেতিয়া পদূলি মূৰত ৰৈ তেওঁৰ আগমনলৈ অপেক্ষা কৰো, তেতিয়া প্ৰতিটো খোজৰ শব্দই আমাক সাহস যোগায়৷ তেওঁৰ লগত কটোৱা সময়বোৰ আমাৰ জীৱনৰ পুজি হৈ ৰয়৷ কোনো ধৰণৰ অভিযোগ অবিহনে তেওঁ দায়িত্ব পালন কৰি যায়৷ তেওঁৰ এই ত্যাগৰ মহিমা অতুলনীয়৷ জীৱনৰ জটিল অংকবোৰ তেওঁ নিজৰ বাবে নহয়, আমাৰ বাবে সমাধান কৰে৷ তেওঁ আমাৰ সংসাৰৰ এক নীৰৱ সাধক৷ তেওঁৰ ত্যাগৰ কাহিনী কেৱল শব্দত বৰ্ণনা কৰা কঠিন৷ তেওঁৰ প্ৰতিটো কৰ্মই আমাক জীৱনৰ কঠিন বাস্তৱৰ সৈতে পৰিচয় কৰাই দিয়ে৷

আমাৰ বাবে তেওঁ যি ত্যাগ কৰে, সেয়া তেওঁৰ স্বকীয় গুণ৷ তেওঁৰ ত্যাগৰ বাবেই আজি আমি নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পৰা হৈছোঁ৷ কোনো ধৰণৰ প্ৰতিদানৰ আশা নকৰাকৈ তেওঁ আমাৰ বাবে ইমানবোৰ কষ্ট কৰে৷ সেয়েহে পিতৃৰ প্ৰতি শ্ৰদ্ধা জনোৱা আমাৰ প্ৰত্যেকৰে নৈতিক দায়িত্ব৷ তেওঁৰ অস্তিত্বই আমাৰ জীৱনৰ প্ৰেৰণা৷ আমি যিমানেই উন্নতিৰ শিখৰত উপনীত নহওঁ কিয়, আমাৰ সেই উত্থানৰ মূলতে থাকে দেউতাৰ অৰিহণা৷ তেওঁৰ আশীৰ্বাদৰ অবিহনে আমাৰ প্ৰতিটো জয় অসম্পূৰ্ণ৷ দেউতা হৈছে আমাৰ জীৱনৰ প্ৰথম নায়ক, যাৰ আদৰ্শ অনুসৰণ কৰি আমি সু-নাগৰিক হ’বলৈ শিকো৷ তেওঁৰ ত্যাগৰ এই বৰ্ণনা এক অনন্ত যাত্ৰা, যি কেতিয়াও শেষ নহয়৷ আমি কেৱল তেওঁৰ ত্যাগৰ পৰিধি বুজিবলৈ চেষ্টা কৰোঁ, কিন্তু সেই সাগৰৰ গভীৰতা জোখা সহজ নহয়৷ অনাগত দিনবোৰত তেওঁৰ এই ত্যাগক মনত ৰাখি আমি নিজৰ জীৱনটো আগবঢ়াই নিব লাগিব৷ তেওঁৰ স্মৃতি আৰু অৱদান আমাৰ বাবে পাথেয় হৈ ৰ’ব৷

সময়ৰ সোঁতত মানুহৰ জীৱনৰ সমীকৰণ সলনি হয়৷ আমি ডাঙৰ হওঁ, নিজৰ জীৱন আৰু ব্যস্ততাত নিমগ্ন হৈ পৰোঁ৷ কিন্তু এই দৌৰত আমি পাহৰি যাওঁ যে, আমাৰ প্ৰতিটো নিৰাপদ খোজৰ বাবে দেউতাই নিজৰ জীৱনৰ বহুতো সোণালী সময় বিসৰ্জন দিছে৷ তেওঁৰ ত্যাগ অৰ্থ উপাৰ্জনৰ পৰিসৰত আৱদ্ধ নাথাকে, দেউতা হৈছে সন্তানৰ মানসিক আৰু আৱেগিক অনুভৱৰ এক বিশাল জগত৷ এটা শান্ত পৰিয়ালৰ আঁৰত এগৰাকী দেউতাৰ অসীম ধৈৰ্য আৰু নিঃস্বাৰ্থ আত্মত্যাগ লুকাই থাকে৷ তেওঁৰ মনৰ গভীৰতাত কিমান যে দুখ-কষ্টৰ কাহিনী সোমাই থাকে, সেয়া আমি অনুভৱ কৰিবলৈকো চেষ্টা নকৰোঁ৷

পিতৃৰ অস্তিত্বৰ এক বিশেষ বৈশিষ্ট্য্য হ’ল – নিজৰ বিষাদবোৰ ঢাকি ৰাখিবলৈ তেওঁ মিছা হাঁহি এটা মুখেৰে কঢ়িয়াই লৈ ফুৰে৷ সন্তানৰ চকুৰ পানীৰ কাৰণ হ’ব লগা হোৱাটো এজন পিতৃৰ বাবে আটাইতকৈ ডাঙৰ পৰাজয়৷ সেয়ে তেওঁ শিলৰ দৰে অটল হৈ নিজৰ সকলো কষ্ট বুকুত সামৰি লয়৷ আমাৰ বাবে তেওঁ এক শক্তিশালী খুঁটি, যি জীৱনৰ প্ৰতিটো ঘাত-প্ৰতিঘাতত কেতিয়াও হালি নপৰে৷ তেওঁৰ শৰীৰৰ ক্লান্তি আৰু ভৰিৰ খোজত যে আমাৰ ভৱিষ্যতৰ সপোন সোমাই আছে, সেই কথা আমি প্ৰায়েই উপলব্ধি কৰিবলৈ পাহৰি যাওঁ৷ দেউতাৰ হাতৰ খহটা তলুৱাবোৰত লুকাই থাকে আমাৰ নিৰাপদ শৈশৱৰ সেই সোণালী কাহিনী, যি কাহিনী প্ৰতিটো চপৰা তেজ আৰু ঘামেৰে ৰচিত৷

আমাৰ বাবে তেওঁ সমাজৰ নিয়ম-কানুন আৰু নীতিৰ সৈতে আপোচ কৰিলেও নিজৰ স্বাভিমানত কেতিয়াও আঁচোৰ পৰিবলৈ নিদিয়ে৷ ঘৰৰ পৰা দূৰৈৰ কৰ্মক্ষেত্ৰত তেওঁ যি একাকিত্বৰ যুঁজ দিয়ে, সেই যুঁজত তেওঁৰ সঙ্গী হৈ পৰে সন্তানৰ ছবিখন আৰু ভৱিষ্যতৰ সপোনবোৰ৷ তেওঁৰ কষ্টক স্বীকাৰ কৰিবলৈ কোনো মঞ্চৰ প্ৰয়োজন নহয়, মাথোঁঁ প্ৰয়োজন এক নিৰ্মল কৃতজ্ঞতাৰ অনুভৱ৷ তেওঁৰ ত্যাগৰ কোনো প্ৰতিদান নালাগে, মাথোঁঁ বিচাৰে সন্তানৰ এক সন্মানজনক পৰিচয়৷ তেওঁৰ চৰিত্ৰৰ দৃঢ়তা আৰু ধৈৰ্যই আমাক জীৱনৰ জটিল পাঠ শিকাই থৈ যায়৷ আমি প্ৰতিটো প্ৰত্যাহ্বানৰ সময়ত দেউতাৰ সেই শান্ত আৰু স্থিৰ ব্যক্তিত্বক আমাৰ মানসিক শক্তি হিচাপে লৈ আগুৱাই যাব পাৰো৷

জীৱনৰ অৱসৰৰ দিশে গতি কৰা দেউতাৰ চুলিৰ বগা ৰঙে তেওঁৰ অভিজ্ঞতাক প্ৰকাশ কৰে৷ তেওঁৰ চকুৰ কোণৰ ভাঁজবোৰত জমা হৈ থকা ক্লান্তিয়ে আমাক সোঁৱৰাই দিয়ে যে, আমি কিমানখিনি ত্যাগৰ মূল্যত আজিৰ এই অৱস্থান পাইছোঁ৷ তেওঁ আমাৰ জন্মদাতাই নহয়, তেওঁ হৈছে আমাৰ জীৱনৰ প্ৰথম পথপ্ৰদৰ্শক৷ সংসাৰৰ কোনো অংকই তেওঁৰ অৱদানৰ সৈতে তুলনা কৰিব নোৱাৰে৷ তেওঁৰ জীৱনৰ প্ৰতিটো দিনেই একোটা ইতিহাস, যি ইতিহাস আমাৰ বাবে জীৱনৰ দিশ নিৰ্ণয়কাৰী নক্সা৷ আমাৰ জীৱনৰ যাত্ৰাপথত তেওঁৰ অস্তিত্বই হৈছে সেই ধ্ৰুৱতৰা, যি আমাক আন্ধাৰৰ পৰা পোহৰৰ দিশলৈ লৈ যায়৷ দেউতাৰ প্ৰতি আমাৰ এই অকৃত্ৰিম শ্ৰদ্ধাই হ’ব পাৰে তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ৷

জীৱনৰ বাস্তৱতাৰ মুখামুখি হৈ আমি লাহে লাহে বুজিবলৈ আৰম্ভ কৰোঁ যে, দেউতাৰ প্ৰতিটো নিৰ্বাক মুহূৰ্তৰ অন্তৰালত কিমান যে গধুৰ দায়িত্ববোধ লুকাই থাকে৷ এজন পিতৃৰ অৱসৰৰ সময়ত তেওঁৰ মনৰ অৱস্থা প্ৰতিজন সন্তানৰ বাবে এক দৰ্শনৰ বিষয়৷ কৰ্মক্ষেত্ৰৰ পৰা বিদায় লোৱাৰ পাছত তেওঁৰ ব্যস্ততা কমি যায় যদিও সন্তানৰ ভৱিষ্যতৰ চিন্তাই তেওঁক নিৰন্তৰ তাৰিত কৰি থাকে৷ সমাজৰ চকুত তেওঁ হয়তো এজন অৱসৰপ্ৰাপ্ত ব্যক্তি, কিন্তু আমাৰ পৰিয়ালৰ বাবে তেওঁ আজিও সেই অদম্য সাহসৰ উৎস৷ তেওঁৰ শৰীৰৰ দুৰ্বলতাৰ মাজতো বিৰাজ কৰা মনৰ শক্তি আমাৰ বাবে এক শিক্ষা৷ আমাৰ প্ৰতিটো ভুলক শুধৰাই দিয়া তেওঁৰ কঠোৰ শাসনৰ আঁৰত আছিল প্ৰকৃততে আমাক মানুহ কৰি গঢ়াৰ এক ব্যাকুল প্ৰয়াস৷

আমি অৱশ্যে প্ৰায়েই পাহৰি যাওঁ যে, দেউতাৰো আশা-আকাংক্ষা আছিল৷ নিজৰ ব্যক্তিগত সপোনবোৰ জলাঞ্জলি দি তেওঁ যিখন ঘৰ বৰ্তাই ৰাখিলে, সেয়া এক অসাধ্য সাধনৰ দৰে৷ আমাৰ বাবে তেওঁ সময়ৰ সোঁতত নিজকে সলনি কৰি ল’লে, যাতে আমাৰ পথত কোনো প্ৰতিবন্ধকতা নাথাকে৷ তেওঁৰ অস্তিত্বই হৈছে আমাৰ শিপা৷ যেনেকৈ এজোপা গছৰ শিপাই মাটিৰ গভীৰৰ পৰা পুষ্টি সংগ্ৰহ কৰি গছজোপাক আকাশমুখী কৰে, ঠিক তেনেকৈ দেউতাই নিজৰ সমস্ত সামৰ্থ্যৰে আমাক পৃথিৱীৰ বুকুত থিয় হ’বলৈ সাহস যোগায়৷ তেওঁৰ প্ৰতিটো সন্মতি আৰু প্ৰতিটো অস্বীকাৰৰ মাজত আছিল আমাৰ সুৰক্ষিত ভৱিষ্যতৰ এক সুচিন্তিত পৰিকল্পনা৷

এতিয়া দায়িত্ব আমাৰ৷ যিমান দিন তেওঁ আমাৰ কাষত আছে, সেই প্ৰতিটো পল প্ৰেম আৰু সন্মানৰ পাত্ৰ৷ অৱসৰৰ পাছৰ সময়খিনি তেওঁৰ বাবে আনন্দৰ কৰি তোলাটো আমাৰ দায়িত্ব৷ অৰ্থ দিয়াটোৱেই সন্তানৰ কৰ্তব্য নহয়, তেওঁৰ সান্নিধ্যত কিছু সময় কটোৱা আৰু তেওঁৰ কথা মনোযোগেৰে শুনাটোৱেই হৈছে তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ৷ বৃদ্ধ অৱস্থাত এজন পিতৃয়ে একো নিবিচাৰে, বিচাৰে মাথোঁঁ সন্তানৰ মৰম আৰু অলপ সমাদৰ৷ তেওঁৰ অৱদানক কেতিয়াও খৰচি মাৰি শেষ কৰিব নোৱাৰে, কিন্তু তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাটো আমাৰ স্বাভাৱিক ধৰ্ম৷

সামৰণিত ইয়াকে ক’ব পাৰি যে, দেউতা আমাৰ জন্মদাতা আৰু আমাৰ জীৱনৰ অঘোষিত পথপ্ৰদৰ্শক৷ সংসাৰৰ কোনো অংকই তেওঁৰ ত্যাগৰ তুলনা কৰিব নোৱাৰে৷ এই পৃথিৱীত পিতৃৰ সমান নিঃস্বাৰ্থভাৱে ত্যাগ কৰিব পৰা ব্যক্তি দ্বিতীয়জন নাই৷ দেউতাৰ সপোনবোৰক সন্মান জনোৱাই হৈছে তেওঁৰ ত্যাগৰ প্ৰতি আমাৰ প্ৰকৃত উপহাৰ৷ তেওঁৰ অৱদানবোৰক আৱেগৰ মাজেৰে উপলব্ধি কৰিবলৈ আমি শিকিব লাগিব৷ পিতৃৰ ছাঁয়া আমাৰ মূৰৰ ওপৰত থকালৈকে আমি পৃথিৱীৰ যিকোনো প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ সাজু৷ তেওঁৰ অস্তিত্বই আমাক জীয়াই থকাৰ অৰ্থ শিকায়৷ জীৱনৰ শেষ সময়লৈকে তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা অটুট থাকক, এয়াই হওক আমাৰ জীৱনৰ মূলমন্ত্ৰ৷ দেউতা আছিল, আছে আৰু আমাৰ অস্তিত্বৰ গভীৰত সদায় বিৰাজ কৰিব৷

ফোনঃ ৯৮৫৪৪৫০৫৮২

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button